-->

বাংলাদেশৰ মুখ্য ন্যায়াধীশ সুৰেন্দ্ৰ সিনহাৰ পদত্যাগ

বাংলাদেশৰ মুখ্য ন্যায়াধীশ সুৰেন্দ্ৰ সিনহাৰ পদত্যাগ

চুবুৰীয়া ৰাজ্য বাংলাদেশৰ প্ৰথম হিন্দু মুখ্য ন্যায়াধীশ সুৰেন্দ্ৰ কুমাৰ সিনহাই পদত্যাগ কৰে । দেশখনৰ সংবাদ মদ্যমত প্ৰকাশিত বাতৰি মতে, সুৰেন্দ্ৰ কুমাৰ সিনহাই ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে । বৰ্তমান বিদেশ ভ্ৰমণৰত দেশৰ প্ৰথম মুখ্য ন্যায়াধীশ সুৰেন্দ্ৰ কুমাৰ সিনহাই চাপত পৰি এই পদত্যাগ কৰিবলগীয়া হৈছে । ২০১৮ চনৰ ১ জানুৱাৰীত কাৰ্যকাল সামৰণি পৰিবলগীয়া মুখ্য ন্যায়াধীশ সুৰেন্দ্ৰ সিনহাৰ বিৰুদ্ধে দুৰ্নীতি গোচৰ আৰু নৈতিক ব্যৰ্থতাৰ অভিযোগৰ তদন্তৰ সন্মুখীন হবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে । দুৰ্নীতিবিৰোধী আয়োগে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ অনুসন্ধান কৰি আছে ।