-->

আগন্তুক নৱবৰ্ষৰ উৎসৱত আক্ৰমণৰ পৰিকল্পনা কৰা যুৱকক গ্ৰেপ্তাৰ অষ্ট্ৰেলিয়ান আৰক্ষীৰ

আগন্তুক নৱবৰ্ষৰ উৎসৱত আক্ৰমণৰ পৰিকল্পনা কৰা যুৱকক গ্ৰেপ্তাৰ অষ্ট্ৰেলিয়ান আৰক্ষীৰ

নৱবৰ্ষৰ উৎসৱত সন্ত্রাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত অষ্ট্ৰেলিয়ান আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ২০ বছৰীয়া এই লোকজনে মেলব'ৰ্ণৰ ফেডাৰেচন স্কোৱেৰত স্বয়ংক্ৰিয় বন্দুকেৰে গুলীচালনা কৰাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে সদৰী কৰে। এই পৰিকল্পনাৰ বাবে সন্ত্ৰাসৰ অভিযোগত গ্ৰেপ্তাৰ কৰা যুৱকজনক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ সম্ভাৱনা আছে। সোমবাৰে এই যুৱকজনক মেলব'ৰ্ণৰ উপকণ্ঠৰ বেৰিবীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। উল্লেখ্য যে মেলবৰ্ণ চহৰত বিগত বছৰটোত নৱবৰ্ষৰ উৎসৱত পাঁচ লক্ষাধিক লোকে অংশ লৈছিল। এইবাৰো লোকে-লোকৰণ্য হোৱাৰ সময়ত লোকজনে স্বয়ংক্ৰিয় অস্ত্ৰৰে গুলিবর্ষণ কৰাৰ পৰিকল্পনা কৰাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে সদৰী কৰে। আৰক্ষীয়ে লগতে ব্যক্ত কৰে যে যোৱা জানুৱাৰী মাহৰ পৰা এই লোকজনৰ কাম-কাজৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখিছিল।