-->

আফগানিস্তানত সামৰিক অভিযান: ২২ সন্ত্রাসবাদী নিহত

আফগানিস্তানত সামৰিক অভিযান: ২২ সন্ত্রাসবাদী নিহত

আফগানিস্তানৰ পূৰ্বাঞ্চলৰ নানগাৰহাৰ প্ৰদেশত চলোৱা যুটীয়া সামৰিক অভিযানত পাকিস্তান আৰু আইছিছৰ কমেও ২২ টা সন্ত্রাসবাদী নিহত হয়। সন্ত্রাসবাদীকেইটা নাজিয়ান আৰু লালপুৰ জিলাত নিহত হয়। লালপুৰ জিলাৰ বিলা অঞ্চলত আফগান বিশেষ বাহিনীয়ে চলোৱা অভিযানত শুকুৰবাৰে ৭ টা পাকিস্তানী সন্ত্রাসবাদী নিহত হয়। ইফালে নাজিয়ান জিলাৰ স্পিনঝাই অঞ্চলত মাৰ্কিন যুক্তৰাষ্ট্ৰ বাহিনীয়ে চলোৱা বিমান আক্ৰমণত ১৫ টা আইছিছ সন্ত্রাসবাদী নিহত হয়। বিমানেৰে চলোৱা আক্ৰমণত আইছিছৰ দুটা গোপন ঘাটি ধ্বংস হয়। অৱশ্যে কোনো গোটে এইপৰ্যন্ত ঘটনা সম্পৰ্কত কোনো মন্তব্য কৰা নাই।