এছ পি ডিৰ সৈতে মিত্ৰতা : এঞ্জেলা মৰ্কেলৰ চতুৰ্থটো কাৰ্যকালৰ বাট প্ৰশস্ত

এছ পি ডিৰ সৈতে মিত্ৰতা : এঞ্জেলা মৰ্কেলৰ চতুৰ্থটো কাৰ্যকালৰ বাট প্ৰশস্ত

জাৰ্মানীৰ চেঞ্চেলাৰ এঞ্জেলা মৰ্কেল নেতৃত্বাধীন মিত্ৰজোঁটত অন্তৰ্ভুক্ত হ'বলৈ ছ'ছিয়েল ডেম'ক্ৰেটে গ্ৰহণ কৰা সিদ্ধান্তক লৈ শাসকীয় মিত্ৰজোঁট উৎসাহিত হৈ পৰিছে। ছ'ছিয়েল ডেম'ক্ৰেটৰ সিদ্ধান্তক আদৰণি জনাই এঞ্জেলা মৰ্কেলে কয় যে এই সিদ্ধান্তই নিশ্চিতভাৱে জাৰ্মানীক উন্নতিৰ বাটেৰে আগুৱাই নিব। উল্লেখ্য যে ই হ'ব মৰ্কেলৰ চতুৰ্থটো কাৰ্যকাল। লক্ষণীয় যে জাৰ্মানীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবেই দেশখনৰ সবাতোকৈ ডাঙৰ দ্বিতীয়টো দল হিচাপে পৰিচিত এছ পি ডিৰ সদস্যসকলে মৰ্কেল নেতৃত্বাধীন মিত্ৰজোঁটত অন্তৰ্ভুক্ত হোৱা বুলি জানিবলৈ দিছে।