-->

উত্তৰ কোৰিয়াৰ বিৰুদ্ধে নিৰাপত্তা পৰিষদৰ নতুন নিষেধাজ্ঞা

উত্তৰ কোৰিয়াৰ বিৰুদ্ধে নিৰাপত্তা পৰিষদৰ নতুন নিষেধাজ্ঞা

উত্তৰ কোৰিয়াৰ পাৰমাণৱিক আৰু ক্ষেপনাস্ত্ৰ কাৰ্যসূচীৰ বাবে দেশখনৰ বিৰুদ্ধে কিছুমান নতুন আৰু বেছি কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সৰ্বসন্মতিক্ৰমে অনুমোদন জনাইছে। কিন্তু আমেৰিকাই বিচৰা ব্যৱস্থাৱলীত চীন আৰু ৰাছিয়াই ভোটো প্ৰদান কৰে। ই প্ৰমাণ কৰিলে যে আমেৰিকাই একপক্ষীয়ভাৱে কাম কৰিব নোৱাৰে, কিন্তু আমেৰিকাৰ বিৰুদ্ধে চীন আৰু ৰাছিয়াই আন্তৰ্জাতিকভাৱে ভেটো প্ৰয়োগ কৰিব পৰা ক্ষমতা আছে। অৱশ্যে কালি নিৰাপত্তা পৰিষদে পূৰ্বৰ প্ৰস্তাৱসমূহ উলংঘা কৰাৰ বাবে পিয়ংয়াঙক গৰিহণা দিয়ে আৰু ইয়াৰ পাৰমাণৱিক আৰু ক্ষেপনাস্ত্ৰ কাৰ্যসূচী তৎক্ষণাত বাতিল কৰিবলৈ দাবী জনায়। পিয়ঙয়াঙৰ বিৰুদ্ধে নতুনকৈ আৰোপ কৰা নিষেধাজ্ঞাসমূহ হ'ল খাৰুৱা তেলৰ ৰপ্তানি বন্ধ কৰা, বিদেশত ভৱিষ্যতে উত্তৰ কোৰিয়াৰ লোকসকলক নিয়োগ নকৰা, উত্তৰ কোৰিয়াৰ পৰা অহা-যোৱা জাহাজবোৰ দেশমূহক পৰীক্ষা কৰিবলৈ অগ্ৰাধিকাৰ দিয়া।