-->

ৰাষ্ট্ৰসংঘৰ শীর্ষ কূটনীতিক ৬ বছৰৰ বিৰতিৰ পিচত উত্তৰ কোৰিয়াত উপস্থিত

ৰাষ্ট্ৰসংঘৰ শীর্ষ কূটনীতিক ৬ বছৰৰ বিৰতিৰ পিচত উত্তৰ কোৰিয়াত উপস্থিত

উত্তৰ কোৰিয়াৰ পাৰমাণৱিক ভাবুকিয়ে বিশ্বজোৰা উত্তেজনা অব্যাহত ৰখাৰ মাজতে ৰাষ্ট্ৰসংঘৰ এগৰাকী শীর্ষ কূটনীতিক দেশখনত উপস্থিত হয় মঙলাবাৰে। ছবছৰৰ মূৰত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ ৰাজনৈতিক পৰিক্ৰমা দপ্তৰৰ মুৰব্বী জেফ্ৰি ফেল্টমেনে পাৰমাণৱিক বিতৰ্কত থকা দেশখনত উপস্থিত হয়গৈ। ইতিমধ্যে যোৱা ছেপ্টেম্বৰ মাহত উত্তৰ কোৰিয়াই নীতিগত আলোচনাৰ বাবে ৰাষ্ট্ৰসংঘক আমন্ত্ৰণ জনাই আহিছিল। উত্তৰ কোৰিয়াই যোৱা সপ্তাহত দেশখনৰ আটাইতকৈ শক্তিশালী বেলিষ্টিক ক্ষেপনাস্ত্ৰ উৎক্ষেপন কৰাৰ পাছতে ৰাষ্ট্রসংঘই এগৰাকী শীর্ষ বিষয়া দেশখনত উপস্থিত হোৱাৰ ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে। পূৰ্বৰ আমেৰিকান কূটনৈতিক তথা ৰাষ্ট্রসংঘত থকা বৰ্তমানৰ এইগৰাকী শীর্ষ কূটনীতিক অহা শুকুৰবাৰ পৰ্যন্ত দেশখনতে থাকিব। চাৰিদিনীয়া এই ভ্ৰমনকালত তেওঁ উত্তৰ কোৰিয়াৰ বিদেশ মন্ত্ৰী ৰি ইয়ং হোৰ লগতে কেইবাগৰাকীও বিষয়ববীয়াৰ লগত আলোচনাত মিলিত হ'ব যদিও নেতা কিম জং উনক সাক্ষাৎ কৰাৰ কোনো সম্ভাৱনা নাই। যোৱা ৩০ নৱেম্বৰত নেতাগৰাকীৰ এই ভ্ৰমণৰ তথ্য আনুষ্ঠানিকভাৱে সদৰী কৰিছিল ৰাষ্ট্রসংঘই।