-->

ৰুছ সেনাবাহিনীৰ দাবী: ইছলামিক ষ্টেটৰ মুৰব্বী বাগদাদী বিমান আক্ৰমণত নিহত!

ৰুছ সেনাবাহিনীৰ দাবী: ইছলামিক ষ্টেটৰ মুৰব্বী বাগদাদী বিমান আক্ৰমণত নিহত!

ছিৰিয়াত আমেৰিকা-ৰাছিয়াকে আদি কৰি বিভিন্ন দেশে ইছলামিক ষ্টেটৰ বিৰুদ্ধে চলাই থকা সংঘৰ্ষৰ সময়তে ৰাছিয়ান সেনাৰ এক দাবীয়ে সমগ্ৰ বিশ্বতে তীব্ৰ কৌতুহলৰ সৃষ্টি কৰিছে। ছিৰিয়াত ৰাছিয়ান সেনাবাহিনীৰ বিমান আক্ৰমণত ইছলামিক ষ্টেটৰ মুৰব্বী আবু বক্কৰ অল-বাগদাদীৰ মৃত্যু হোৱা বুলি দাবী কৰিছে ৰুছ সেনাবাহিনীয়ে। ইয়াকে লৈ সমগ্ৰ বিশ্বতে তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছে। ৰাজধানী মস্কোত ৰুছ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনোৱা অনুসৰি তেওঁলোকে এই বিষয়ে সবিশেষ জানিবলৈ চেষ্টা কৰি আছে। ৰাছিয়াৰ তৰফৰ পৰা জনোৱা অনুসৰি , যোৱা ২৮ মে'ত ছিৰিয়াৰ ৰাক্কা চহৰৰ উপকণ্ঠ ইছলামিক ষ্টেটৰ প্ৰধান ঘাটিত ৰুছ বায়ুসেনাই ব্যাপক বিমান আক্ৰমণ চলায়। আই এছৰ উক্ত ঘাটিত অল-বাগদাদী আৰু সন্ত্রাসবাদী সংগঠনটোৰ বহু শীর্ষ নেতা মিলিত হৈ এখন বিশেষ বৈঠকত মিলিত হোৱাৰ খবৰ পাই ৰাছিয়ান বায়ুসেনাই বিমানৰপৰা ড্ৰোনেৰে আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত বাগদাদীসহ কেইবাজনো আই এছৰ শীৰ্ষ নেতাৰ মৃত্যু হোৱা বুলি দাবী কৰিছে ৰাছিয়ান সেনাই। ৰুছ সেনাই লগতে এই বিষয়েও অৱগত কৰে যে আক্ৰমণৰ পূৰ্বে ৰুছ সেনাই আমেৰিকাকো এই বিষয়ে অৱগত কৰিছিল। অৱশ্যে মাৰ্কিন সেনাই বাগদাদীৰ মৃত্যুৰ কোনো খবৰ লাভ কৰা নাই বুলি জনায়।

উল্লেখযোগ্য যে ৰাছিয়ান সেনাই ছিৰিয়াৰ সেনাৰ লগত লগ হৈ আইছিছৰ বিৰুদ্ধে আক্ৰমণ অধিক তীব্রতৰ কৰি তুলিছে। আনহাতে আমেৰিকা আৰু ইয়াৰ মিত্ৰ ইছলামিক ষ্টেট বিৰোধী দেশ সমূহেও আক্ৰমণ তীব্ৰ কৰি তোলাত এতিয়া আইছিছ প্ৰবল সংকটৰ সন্মুখীন হৈছে। অৱশ্যে বাগদাদীৰ মৃত্যুৰ বাতৰিৰ এতিয়াও সত্যতা প্রতিপন্ন হোৱা নাই।