বিশ্ব সাহিত্যত নিজৰ প্ৰতিভাৰ দ্বাৰা জিলিকি থকা জ্যোতিষ্ক ভি এছ নাইপলৰ দেহাৱসান ঘটে। ৮৫ বছৰ বয়সত লণ্ডনৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ন’বেল বঁটা বিজয়ী বিখ্যাত ঔপন্যাসিকগৰাকীয়ে। ২০০১ চনত সাহিত্যত ন’বেল বঁটা লাভ কৰিছিল ত্ৰিনিদাদত জন্মগ্ৰহণ কৰা ভি এছ নাইপলে। আজীৱন সাহিত্য সাধনাৰে বিশ্ব সাহিত্য মহীয়ান কৰা এইগৰাকী সাহিত্যিকৰ মৃত্যু বিশ্ব সাহিত্য সমাজৰ এক বৃহৎ ক্ষতি।