-->

উত্তৰ কোৰিয়াক নিঃশেষ কৰাৰ হুংকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ

উত্তৰ কোৰিয়াক নিঃশেষ কৰাৰ হুংকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ

শেহতীয়াকৈ কৰা বেলিষ্টিক ক্ষেপনাস্ত্ৰ পৰীক্ষাৰ পিচত আমেৰিকাই উত্তৰ কোৰিয়াক নিঃশেষ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে। এই বিষয়ে সকীয়নি প্ৰদান কৰি আমেৰিকাই কয় যে ক্ষেপনাস্ত্ৰ পৰীক্ষাৰ পাছত যুদ্ধৰ ভাবুকি সৃষ্টি হ'লে আমেৰিকাই হাত সাৱটি বহি নাথাকে। মন কৰিবলগীয়া যে ইতিমধ্যে মাৰ্কিন যুক্তৰাষ্ট্ৰই উত্তৰ কোৰিয়া প্ৰসংগত দক্ষিণ কোৰিয়া, জাপানকে ধৰি বিভিন্ন ৰাষ্ট্ৰৰ সৈতে কথা পাতিছে। তদুপৰি পিয়ংয়াঙৰ ক্ষেপনাস্ত্ৰ পৰীক্ষাৰ পিছত আমেৰিকা আৰু জাপানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক অনুষ্ঠিত কৰাৰো দাবী উত্থাপন কৰিছে।