-->

হাৱাইত আমেৰিকাৰ ক্ষেপনাস্ত্ৰ ধ্বংস পৰীক্ষা সফল

হাৱাইত আমেৰিকাৰ ক্ষেপনাস্ত্ৰ ধ্বংস পৰীক্ষা সফল

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে কালি হাৱাই উপকূলত এটা মধ্যম দূৰত্বৰ বেলিষ্টিক ক্ষেপনাস্ত্ৰ গুলিয়াই ভূ-পতিত কৰে। এই মিছাইল ইনচেপছন চিষ্টেমৰ সফল পৰীক্ষা কৰা হয়। জাপানেও উত্তৰ কোৰিয়াৰ বিৰুদ্ধে ইয়াৰ প্ৰতিৰক্ষা শক্তিশালী কৰিব বিচাৰিছে। জাপানৰ ওপৰেৰে উত্তৰ কোৰিয়াই এটা বেলিষ্টিক ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰাৰ এদিন পিছতে গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ ইউ এছ এছ জন পল জোন্সৰ পৰা দেশখনৰ মিছাইল ডিফেন্স এয়েন্স আৰু মাৰ্কিন নৌ-বাহিনীয়ে কালি সফলতাৰে এই পৰীক্ষা চলায়। হোৱাইৰ কাউয়েৰ পেচিফিক মিছাইল ৰেঞ্জ ফেচিলিটিৰ পৰা উৎক্ষেপন কৰা মধ্যম দূৰত্বভেদী  বেলিষ্টিক ক্ষেপনাস্ত্ৰটো সফলতাৰে ইণ্টাৰচেপ্ট কৰে ষ্টেণ্ডাৰ্ড মিছাইল-৬ গাইডেড মিছাইল।