-->

ম্যানমাৰৰ ৰহিংগাসকলৰ বহিস্কাৰ প্ৰসংগত ভাৰতক ৰাষ্ট্ৰসংঘৰ সমালোচনা

ম্যানমাৰৰ ৰহিংগাসকলৰ বহিস্কাৰ প্ৰসংগত ভাৰতক ৰাষ্ট্ৰসংঘৰ সমালোচনা

ম্যানমাৰৰ ৰাখাইন ৰাজ্যত হোৱা হিংসাত্মক ঘটনাৰ কাৰণে পলায়ন কৰা ৰহিংগাসকলৰ সম্পর্কত দিয়া এটা চোকা বিবৃতিত ৰাষ্ট্ৰসংঘই কালি কয় যে অত্যাচাৰৰ সন্মুখীন হোৱাৰ বিপদ থকা এঠাইলৈ ৰহিংগাসকলক ভাৰতে বহিস্কাৰ কৰিব বা ঘূৰাই পঠিয়াব নোৱাৰে। মানৱ অধিকাৰৰ বাবে থকা ৰাষ্ট্ৰসংঘৰ উচ্চয়ুক্ত জেইড ৰাড আল হুছেইনে এটা বিবৃতিত কয় যে ৰহিংগাসকলক তেওঁলোকৰ দেশত হোৱা হিংসাত্মক ঘটনাৰ সময়ত বহিস্কাৰ কৰিবলৈ ভাৰতে লোৱা সাম্প্ৰতিক ব্যৱস্থাক তেওঁ নিন্দা কৰে। তেওঁ কয় যে ভাৰতত প্ৰায় ৪০ হেজাৰ ৰহিংগাই বসতি স্থাপন কৰিছে আৰু তেওঁলোকৰ ভিতৰত ১৬ হেজাৰ শৰণাৰ্থীৰ নথি-পত্ৰ আছে। হুছেইনে কয়, 'গৃহ ৰাজ্য মন্ত্ৰীজনে কৈছিল যে যিহেতু ভাৰতে শৰণাৰ্থী চুক্তিত স্বাক্ষৰ কৰা নাই, সেয়ে দেশখনে আন্তৰাষ্ট্ৰীয় আইন নামানিব পাৰে।' কিন্তু তেওঁ দৃঢ়তাৰে কয় যে অত্যাচাৰ বা আন গুৰুতৰ উলংঘনৰ সন্মুখীন হ'ব পৰাৰ বিপদ থকা এঠাইলৈ লোকসকলক ভাৰতে সামূহিকভাৱে বহিস্কাৰ বা ঘূৰাই পঠিয়াব নোৱাৰে।