-->

ব্ৰিটিছ প্ৰধানমন্ত্ৰী থেৰেছাক হত্যাৰ ষড়যন্ত্ৰ ব্যৰ্থ

ব্ৰিটিছ প্ৰধানমন্ত্ৰী থেৰেছাক হত্যাৰ ষড়যন্ত্ৰ ব্যৰ্থ

ব্ৰিটিছ প্ৰধানমন্ত্ৰী থেৰেছা মে'ক হত্যাৰ ষড়যন্ত্ৰ ব্যৰ্থ হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ধৃত অভিযুক্ত দুজনৰ নাম নাইমুৰ জাকাৰীয়া ৰহমান (২০) আৰু আকিব ইমৰাণ (২১)। সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰামতে আই ই ডিৰ জৰিয়তে ১০, ডাউনিং ষ্ট্ৰীটত আত্মঘাতী আক্ৰমণ চলোৱাৰ পৰিকল্পনা আছিল। মে'ৰ মুখপাত্ৰই জনোৱা মতে বিগত ১২ মাহত ব্ৰিটেইনত এনে ৯টা ষড়যন্ত্ৰ ব্যৰ্থ কৰা হৈছে। থেৰেছা মে দীর্ঘদিন ধৰি সন্ত্রাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ থকালৈ চাই পূৰ্বতেই ১০, ডাউনিং ষ্ট্ৰীটত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।