সাগৰতে অৱতৰণ কৰিলে বিমান

সাগৰতে অৱতৰণ কৰিলে বিমান

ডিজিটেল ডেস্ক: বিমান অৱতৰণ কৰিলে সাগৰত৷ আচৰিত লাগিলেও এনে এক ঘটনা সংঘটিত হ’ল শুক্ৰবাৰে৷চুক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিবলৈ চেষ্টা চলাইছিল এয়াৰ নিউগিনি নামৰ বিমানখনে।  কিন্তু যান্ত্ৰিক বিজুতিৰ বাবে বিমানখন বিমান বন্দৰৰ পৰা ১৬০ য়াৰ্ড দূৰৈত সমুদ্ৰপৃষ্ঠত অৱতৰণ কৰিবলগীয়া হয়।বিমানখনত আছিল ৩৬জন বিমান যাত্ৰী আৰু ১২জন বৈমানিক আৰু বিমান কৰ্মী।এই বিমানখন মাক্ৰ’নেছিয়ালৈ গৈ আছিল৷অৱেশ্যে বিমানত থকা কোনো যাত্ৰী হতাহত হোৱা নাই৷