-->

থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী য়িনলুকক দুৰ্নীতিৰ গোচৰত পাঁচ বছৰৰ কাৰাদণ্ড

থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী য়িনলুকক দুৰ্নীতিৰ গোচৰত পাঁচ বছৰৰ কাৰাদণ্ড

থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী য়িনলুক শ্বিনাৱাত্ৰাক চাউলৰ ৰেহাই আঁচনিত সংঘটিত দুৰ্নীতিৰ অপৰাধত পাঁচ বছৰৰ কাৰাদণ্ড বিহিছে দেশখনৰ উচ্চতম ন্যায়ালয়ে। ফৌজদাৰী গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক পলাতক অৱস্থাতে কাৰাদণ্ড বিহা হৈছে। শ্বিনাৱাত্ৰাই চাউলৰ ৰেহাই আঁচনি বলৱৎ কৰাৰ ক্ষেত্ৰত কৰা দুৰ্নীতিৰ বাবে দেশখনৰ কমেও আঠ বিলিয়ন ডলাৰ পৰিমাণৰ ধনৰ লোকচান হৈছিল। ২০১৪ চনত ক্ষমতাচ্যুত হোৱা শ্বিনাৱাত্ৰাৰ বিৰুদ্ধে দেশখনৰ উচ্চতম ন্যায়ালয়ে চূড়ান্ত ৰায়দান কৰাৰ পূৰ্বেই তেওঁ পলায়ন কৰিছিল। শ্বিনাৱাত্ৰাই তেওঁৰ বিৰুদ্ধে অনা সকলো অভিযোগ অস্বীকাৰ কৰিছিল। বিচাৰৰ সময়ত শ্বিনাৱাত্ৰাই আঁচনিখন প্ৰৱৰ্তনৰ ক্ষেত্ৰত দুৰ্নীতি হোৱা নাই বুলি দাবী কৰি তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি মন্তব্য কৰিছিল। দুৰ্নীতিৰ গোচৰত শাস্তি লাভৰ পৰা হাত সৰাৰ উদ্দেশ্যত ২০০৮ চনৰ পৰা ডুবাইত পলাই থকা ভাতৃ প্ৰাক্তন প্ৰধানমন্ত্ৰী থাকচিন শ্বিনাৱাত্ৰাৰ সৈতে বৰ্তমানে য়িনলুক শ্বিনাৱাত্ৰা আছে বুলি অনুমান কৰা হৈছে।