ইভান ডিউকে কালি কলম্বিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।যোৱা জুন মাহত হোৱা নিৰ্বাচনত জয় লাভ কৰিবলৈ সক্ষম হয় তেওঁ।প্ৰাক্তন অধিবক্তা তথা ৰক্ষণশীল দলৰ প্ৰাৰ্থী ডিউকে আনুষ্ঠানিক ভাৱে কালি শপত গ্ৰহণ কৰে।এই অনুষ্ঠানত তেওঁ দেশবাসীক শান্তি আৰু একতা বজাই ৰাখিবলৈ অনুৰোধ জনায়।