-->

সন্ত্রাসবাদী সংগঠন আইছিছৰ বিৰুদ্ধে মছুল চহৰ উদ্ধাৰৰ অন্তিম যুদ্ধ আৰম্ভ কৰিছে ইৰাকী সেনাই

সন্ত্রাসবাদী সংগঠন আইছিছৰ বিৰুদ্ধে মছুল চহৰ উদ্ধাৰৰ অন্তিম যুদ্ধ আৰম্ভ কৰিছে ইৰাকী সেনাই

বিশ্বত্ৰাস সন্ত্রাসবাদী সংগঠন আইছিছৰ দখলত থকা ইৰাকৰ মছুলৰ অ'ল্ড চিটিখন উদ্ধাৰৰ বাবে অন্তিম যুদ্ধ আৰম্ভ কৰিছে ইৰাকী সেনাই। মছুলত আইছিছৰ অধীনত এইখনেই অন্তিম চহৰ। ইৰাকৰ নিনেবেহ প্ৰদেশৰ অন্তৰ্গত অ'ল্ড চিটি খন পুনৰ উদ্ধাৰৰ বাবে ইৰাকী সেনাই পশ্চিম প্ৰান্তৰপৰা অভিযান আৰম্ভ কৰিছে। আনহাতে ৰাষ্ট্ৰসংঘই সদৰী কৰা অনুসৰি অ'ল্ড চিটিত কমেও এক লাখ লোক আবদ্ধ হৈ আছে। উল্লেখযোগ্য যে ২০১৪ চনত আইছিছে ইৰাকৰ দ্বিতীয় বৃহৎ চহৰ মছুলক নিজৰ দখললৈ নিছিল। ইয়াৰ পিছতে যোৱা বছৰ অক্টোবৰত ইৰাকী সেনাই সমগ্ৰ মছুল চহৰ পুনৰ দখলৰ বাবে অভিযান আৰম্ভ কৰিছিল।