ড’নাল্ড ট্ৰাম্পক সতৰ্ক কৰি আই এম এফৰ মন্তব্য : ক্ষতিৰ সন্মুখীন হ’ব আমেৰিকা

ড’নাল্ড ট্ৰাম্পক সতৰ্ক কৰি আই এম এফৰ মন্তব্য : ক্ষতিৰ সন্মুখীন হ’ব আমেৰিকা

মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ এলুমিনিয়াম আৰু তীখাৰ আমদানি শুল্ক বৃদ্ধিৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)য়ে। এই সন্দৰ্ভত সতৰ্ক বাণী জাৰি কৰি আই এম এফে কয় যে এনে পদক্ষেপৰ ফলত আমেৰিকাৰ লগতে অন্যান্য বিভিন্ন দেশো ক্ষতিৰ সন্মুখীন হ'ব লাগিব। উল্লেখ্য যে ইতিমধ্যে আমেৰিকাৰ এই প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছে কানাডাই। কানাডাৰ পৰাই আমেৰিকাই সৰ্বাধিক পৰিমাণৰ তীখা আমদানি কৰি আহিছে। সেয়েহে ট্রাম্পৰ এই নতুন প্ৰস্তাৱৰ ফলত সৰ্বাধিকৰূপে ক্ষতিগ্ৰস্ত হ'ব কানাডা।