-->

২০১৭ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল পুৰস্কাৰ ডাবোচেট-হেণ্ডাৰছন-ফ্ৰেংকলৈ

২০১৭ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল পুৰস্কাৰ ডাবোচেট-হেণ্ডাৰছন-ফ্ৰেংকলৈ

২০১৭ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে বিজ্ঞানী জেক ডাবোচেট, ৰিচাৰ্ড হেণ্ডাৰছন আৰু জোৱাচিম ফ্ৰেংকলৈ। জীৱৰ শৰীৰ আৰু জৈৱিক পদাৰ্থৰ অণুৰ গঠনৰ অতি সূক্ষ্ম ৰূপৰ ছবি গ্ৰহণ কৰিব পৰা ব্যৱস্থা তথা ক্ৰায়ো-ইলেক্ট্ৰন মাইক্ৰ'স্কোপি উদ্ভাৱন কৰা বাবেই তিনিওজন বিজ্ঞানীলৈ এই সৰ্বোচ্চ সন্মনা আগবঢ়োৱা হয়। ক্ৰায়ো-ইলেক্ট্র'ন মাইক্ৰ'স্কোপি আৱিষ্কাৰ হোৱাৰ পিছত জীৱৰ দেহৰ বিভিন্ন অংশ বা পদাৰ্থৰ অণুৰ গঠনৰ ক্ষেত্ৰত নজনা কথাসমূহ পোহৰলৈ আহিল আৰু সহজ হৈ পৰিল জীৱৰ শৰীৰ আৰু দেহজাত বিভিন্ন জৈৱিক পদাৰ্থৰ ছবি চাই সেইসমূহৰ অধ্যয়ন কৰা। ক্ৰায়ো-ইলেক্ট্র'ন মাইক্ৰ'স্কোপি উদ্ভাৱনৰ বাবে লাভ কৰা নোবেল সন্মানৰ লগতে তিনিওজন বিজ্ঞানীয়ে যুটীয়াভাৱে লাভ কৰিব ১.১ নিযুত ডলাৰ। 

ৰয়েল ছুইডিছ একাডেমী অব ছায়েন্সে কালি ৰসায়নৰ নোবেল বিজয়ীকেইজনৰ নাম ঘোষণা কৰি লগতে কয় যে ক্ৰায়ো-ইলেক্ট্র'ন মাইক্ৰ'স্কোপিৰ জৰিয়তে প্ৰতিৰোধ ক্ষমতা থকা এন্টিবায়'টিক, বিভিন্ন প্ৰটিনৰ আৰম্ভ কৰি বৰ্তমান সময়ৰ অতি চৰ্চিত জাইকা ভাইৰাছৰ উপৰিভাগ আদিৰ ছবি গ্ৰহণ কৰি সেইসমূহৰ গভীৰ অধ্যয়ন সম্ভৱ হৈ উঠিছে। পূৰ্বে অসম্ভৱ হৈ থকা জৈৱিক অণুসমূহক নতুন পদ্ধতিৰে সক্ৰিয় হৈ থকাৰ মাজভাগতে স্থিৰ কৰি সিহঁতৰ ছবি বা ফটো তুলিব পৰা হ'ল। ইয়াৰ ফলত জীৱৰ ৰসায়নত মুকলি হ'ল এটা নতুন অধ্যায়।