বিমুদ্ৰাকৰণ:৪৮০৭ কোটিৰ ক’লা ধন উদ্ধাৰ

বিমুদ্ৰাকৰণ:৪৮০৭ কোটিৰ ক’লা ধন উদ্ধাৰ

বিমুদ্ৰাকৰণৰ পৰৱৰ্তী পৰ্যায়ৰ সমগ্ৰ দেশজুৰি ৪৮০৭ কোটি টকাৰো অধিক অঘোষিত উপাৰ্জনৰ তথ্য ধৰা পেলাইছে আয়কৰ বিভাগে ।একেদৰে বিমুদ্ৰাকৰণৰ পাছৰ সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তত জব্দ কৰা হৈছে ১১২ কোটি টকা মূল্যৰ নতুন নোট ।এই কথা সদৰী কৰিছে আয়কৰ বিভাগৰ এক শীৰ্ষ সূত্ৰই ।বিভাগীয়া সূত্ৰটোৱে কৈছে যে নোট নিষিদ্ধকৰণৰ পাছৰে পৰা এতিয়ালৈকে আয়কৰ আইনৰ অধীনত

সমগ্ৰ দেশজুৰি ১,১৩৮ টা তালাচী, অনুসন্ধান তথা সমীক্ষামূলক অনুসন্ধান চলাইছে আয়কৰ বিভাগে ।