-->

অহা বছৰৰ মাৰ্চ মাহলৈ ৰে’লৰ ই-টিকটত প্ৰযোজ্য নহয় সেৱা মাচুল

অহা বছৰৰ মাৰ্চ মাহলৈ ৰে’লৰ ই-টিকটত প্ৰযোজ্য নহয় সেৱা মাচুল

অহা বছৰৰ মাৰ্চলৈকে অনলাইনযোগে বুক কৰা টিকটৰ ক্ষেত্ৰত কোনোধৰণৰ সেৱা মাচুল (ছাৰ্ভিছ চার্জ) আৰোপ নকৰে ভাৰতীয় ৰে'ল বিভাগে। উল্লেখ্য যে দেশত ডিজিটেল লেনদেন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে যোৱা নৱেম্বৰ মাহৰ বিমুদ্রাকৰণৰ সময়ছোৱাতে চৰকাৰে ডিজিটেল লেনদেনৰ ক্ষেত্ৰত সেৱা কৰ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিচত এই সময়সীমা প্ৰথমতে ৩০ জুনলৈ আৰু তাৰ পিচত ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছিল। যোৱা ২৯ ছেপ্টেম্বৰত ভাৰতীয় ৰে'লৰ টিকেটিঙৰ দায়িত্বত থকা সংস্থা আই আৰ চি টি চি আৰু ৰে'লৱে ব'ৰ্ডে এই মাচুল ৰেহাইৰ সময়সীমা অহা বছৰৰ মাৰ্চপৰ্যন্ত বৃদ্ধি কৰাৰ নিৰ্দেশ জাৰি কৰিছে। ৰে'ল বিভাগৰ শীর্ষ সূত্ৰমতে আই আৰ চি টি চিৰ মুঠ ৰাজহৰ প্ৰায় ৩৩ শতাংশই সংগৃহীত হয় অনলাইন বুকিঙৰ সেৱা মাচুলৰ জৰিয়তে।