-->

শীঘ্ৰেই আৰম্ভ হ’ব লীলাবাৰী-দিল্লীৰ মাজত বিমান সেৱা

শীঘ্ৰেই আৰম্ভ হ’ব লীলাবাৰী-দিল্লীৰ মাজত বিমান সেৱা

লীলাবাৰীৰ পৰা নতুন দিল্লীৰ মাজত শীঘ্ৰে আৰম্ভ হ'ব পোনপটীয়া বিমান সেৱা। বৰ্তমান সপ্তাহত চাৰিদিন চলাচল কৰা গুৱাহাটী হৈ লীলাবাৰী-কলকাতাৰ মাজত চলা বিমান সেৱা নিয়মীয়া কৰা হ'ব। এই বিষয়ে জানিবলৈ দিছে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ লীলাবাৰীৰ সঞ্চালক ডব্লিউ এ আনচাৰীয়ে। কালি উপায়ুক্তৰ কাৰ্যালয়ত লখিমপুৰ চেম্বাৰ অব কমাৰ্চৰ প্ৰতিনিধিৰ উপস্থিতিত আয়োজিত এক আলোচনাত তেওঁ এই বিষয়ে জানিবলৈ দিয়ে। উপায়ুক্ত বৰুণ ভূঞাৰ উপস্থিতিত সঞ্চালকগৰাকীয়ে লীলাবাৰী বিমান বন্দৰত টি ষ্টল, আহাৰৰ বিপনী আৰু পাৰ্কিং স্থানৰ বাবে হ'ব লগা ই-নিবিদাৰ বিষয়ে জানিবলৈ দি এইক্ষেত্ৰত স্থানীয় নিবনুৱা যুৱসকলক নিবিদা প্ৰদান কৰিবলৈ অনুৰোধ জনায়।