-->

শিলচৰ-গুৱাহাটী-ডিব্ৰুগড় গতিপথত ৩ অক্টোবৰৰ পৰা স্পাইছজেটৰ দৈনিক বিমানসেৱা

শিলচৰ-গুৱাহাটী-ডিব্ৰুগড় গতিপথত ৩ অক্টোবৰৰ পৰা স্পাইছজেটৰ দৈনিক বিমানসেৱা

ব্যয়সাধ্য ভাড়াত বিমানসেৱা প্রদানকাৰী প্ৰতিষ্ঠান স্পাইছজেটে অহা ৩ অক্টোবৰৰ পৰা ডিব্ৰুগড়লৈ আৰম্ভ কৰিব দৈনিক বিমানসেৱা। এই সেৱাৰ গতিপথ হ'ব শিলচৰ-গুৱাহাটী-ডিব্ৰুগড়। এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত  দৈনিক বিমানসেৱা আৰম্ভ কৰা স্পাইছজেটেই প্ৰথমটো ব্যৱসাধ্য ভাড়াত সেৱা আগবঢ়োৱা প্ৰতিষ্ঠান। স্পাইছজেটে প্ৰাৰম্ভিক প্ৰচাৰমূলক ভাড়া হিচাপে গুৱাহাটী-ডিব্ৰুগড় গতিপথত ২,১৯৯ টকা আৰু ডিব্ৰুগড়-গুৱাহাটী গতিপথত ১,৮৯৮ টকা ভাড়া নিৰ্ধাৰণ কৰিছে। এই নতুন বিমানসেৱাকে ধৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আগবঢ়োৱা বিমানসেৱাৰ সংখ্যা হৈছে ৮ খন আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন গতিপথৰ ভিতৰত অহা-যোৱা কৰা বিমানসেৱাৰ সংখ্যা হৈছে ২৬। উল্লেখযোগ্য যে সাতটা আন্তঃৰাষ্ট্ৰীয় গতিপথকে ধৰি স্পাইছজেটে মুঠ ৫০ টা গতিপথত সেৱা আগবঢ়াই আছে।