-->

ৰে’লৰ টিকট বুকিং প্ৰক্ৰিয়াত আই আৰ চি টি চিৰ এম ভিছা পেমেণ্ট পদ্ধতি

ৰে’লৰ টিকট বুকিং প্ৰক্ৰিয়াত আই আৰ চি টি চিৰ এম ভিছা পেমেণ্ট পদ্ধতি

ৰে'লৰ টিকট বুকিং প্ৰক্ৰিয়াত এক নতুন সংযোজন ঘটাইছে ভাৰতীয় ৰে'লৱে। এতিয়াৰে পৰা ৰে'লৰ টিকট বুকিং প্ৰক্ৰিয়া সহজসাধ্য কৰি তুলিবৰ বাবে আই আৰ চি টি চিয়ে এম ভিছা পেমেণ্ট পদ্ধতি আৰম্ভ কৰিছে। এই এম ভিছা পেমেণ্টৰ জৰিয়তে যাত্ৰীয়ে কিউ আৰ অৰ্থাৎ কুইক ৰেচপন্স কোড স্কেন কৰি স্মাৰ্টফোনৰ জৰিয়তে ৰে'লৰ টিকটৰ ভাড়া আদায় দিব পাৰিব। আই আৰ চি টি চিৰ ৱেবচাইটৰ সহায়ত এম ভিছা কিউ আৰ কোড স্কেন কৰি যাত্ৰীৰ স্মাৰ্টফোনত থকা এম ভিছা এপ্লিকেচনক ব্যৱহাৰকাৰীৰ ভিছা ডেবিট, ক্ৰেডিট বা প্ৰিপেইড একাউণ্টেৰে সংযোগ কৰি টিকটৰ ধন আদায় দিব পাৰিব। এই পদ্ধতিৰ টিকট ক্ৰয় কৰা সকলক ৫০ টকা কেশ্ব বেক দিয়াৰ কথা ঘোষণা কৰিছে।