-->

নগদবিহীন লেনদেনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৰে’লৱেৰ ঘোষণা: ভীম এপৰ জৰিয়তে টিকট বুকিং কৰিব পাৰিব গ্ৰাহকে

নগদবিহীন লেনদেনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৰে’লৱেৰ ঘোষণা: ভীম এপৰ জৰিয়তে টিকট বুকিং কৰিব পাৰিব গ্ৰাহকে

নগদবিহীন লেনদেনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি ভীম এপ্লিকেচনৰ জৰিয়তে সকলো ৰিজার্ভেচন চেণ্টাৰত যাত্ৰীয়ে ধন আদায় দিব পাৰিব বুলি ঘোষণা কৰিছে ভাৰতীয় ৰে'ল বিভাগে। এই ব্যৱস্থা ১ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে। ইয়াৰ অধীনত যাত্ৰীসকলে তেওঁলোকৰ স্মাৰ্টফোনৰ জৰিয়তে টিকট সংৰক্ষণৰ মাচুল আদায় দিব পাৰিব। ৰে'লৱে ব'ৰ্ডৰ সদস্য মহম্মদ জামছেদে প্ৰকাশ কৰামতে দেশৰ নিৰ্বাচিত ৰিজার্ভেচন চেণ্টাৰসমূহত এই ব্যৱস্থা ১ ডিচেম্বৰৰ পৰা মুকলি কৰা হৈছে। তেওঁ লগতে প্ৰকাশ কৰে যে বৰ্তমান ভাৰতীয় ৰে'লৱে ই-টিকেটিং ব্যৱস্থাৰ জৰিয়তে টিকট সংৰক্ষণৰ হাৰ ৭০ শতাংশলৈ বৃদ্ধি পাইছে। পূৰ্বতে এই পৰিমাণ আছিল ৫৮ শতাংশ।