-->

শীঘ্ৰে ব্যক্তিগত খণ্ডৰ মালবাহী ৰে’ল চলিব ভাৰতীয় ৰে’লৱেৰ লাইনত

শীঘ্ৰে ব্যক্তিগত খণ্ডৰ মালবাহী ৰে’ল চলিব ভাৰতীয় ৰে’লৱেৰ লাইনত

অচিৰেই ভাৰতত সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত ব্যক্তিগত প্ৰতিষ্ঠানসমূহে নিজাববীয়াকৈ ৰে'ল চলোৱাৰ অনুমতি লাভ কৰিব পাৰে। ইয়াৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানসমূহে 'ট্ৰেক এক্সেছ চার্জ' হিচাপে ৰে'ল বিভাগক নিৰ্দ্ধাৰিত ভাড়া আদায় দিব লাগিব। এই ভাড়া নিৰ্ধাৰণ কৰিব ৰে'লৱে ডেভেলপমেণ্ট অথৰিটিয়ে। যোৱা এপ্ৰিল মাহত এই বিষয়ে কেবিনেটত ৰে'লৱে ডেভেলপমেণ্ট অথৰিটিৰ এখন বিধেয়ক গৃহীত হৈছিল, য'ত বিভাগটোক ৰে'লপথ ব্যৱহাৰত ভাড়া নিৰ্ধাৰণৰ কতৃত্ব প্ৰদান কৰা হৈছিল।