-->

তীৰ্থ পৰ্যটনৰ ঠাই অমৃতসৰৰ স্বৰ্ণ মন্দিৰ

তীৰ্থ পৰ্যটনৰ ঠাই অমৃতসৰৰ স্বৰ্ণ মন্দিৰ

ভাৰতত হয়তো বহু কম লোক আছে যি পাঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ কথা শুনা নাই বা জনা নাই। ভাৰতৰ শিখ ধৰ্মাৱলম্বীৰ লগতে সকলো লোকৰে অতি পবিত্ৰ তীৰ্থ স্থান হ'ল অমৃতসৰৰ স্বৰ্ণ মন্দিৰ। পাঞ্জাৱৰ প্ৰাচীন নগৰ অমৃতসৰত থকা স্বৰ্ণ মন্দিৰ হৈছে শিখ সকলৰ মুখ্য গুৰুদ্বাৰ আৰু পবিত্ৰ তীৰ্থস্থান। এই মন্দিৰটোক দৰবাৰ চাহিব বুলিও জনা যায়। এই স্বৰ্ণ মন্দিৰতেই আছে শিখ ধৰ্মৰ মূল ধৰ্ম গ্ৰন্থ হাতেলিখা 'গুৰুগ্ৰন্থ চাহিব'। ইয়াত এই গ্ৰন্থ চাহিবৰ অখণ্ড পাঠ চলে। এই মন্দিৰৰ কাষতে আছে স্বৰ্ণ গম্বুজবিশিষ্ট পাঁচ মহলীয়া অকাল তখত অৰ্থাৎ চিৰ কালৰ দেৱতাৰ ভৱন।

১৫৭৭ চনত চতুৰ্থ শিখ গুৰু ৰাম দাসে অমৃতসৰ নগৰ প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়। এটা সৰোবোৰৰ নামেৰেই নগৰখনৰ নাম অমৃতসৰ ৰখা হয়। এই সৰোবৰৰ মাজতে ১৬০১ চনত হিন্দু আৰু মুছলমান স্থাপত্যৰ সমন্বয়ত এটা মন্দিৰ স্থাপন হয়, যাৰ নাম ৰখা হয় হৰি মন্দিৰ। ১৮৩০ চনত মহাৰাজ ৰণজিৎ সিঙে মাৰ্বলেৰে মন্দিৰটো পুনৰ নিৰ্মান কৰাৰ লগতে ছালখন সোণেৰে মেৰিয়াই দিয়ে। তেতিয়াৰেপৰা এই মন্দিৰটো স্বৰ্ণ মন্দিৰ হিচাপে জনাজাত হয়। এই স্বৰ্ণমন্দিৰ চাবলৈয়ে বিভিন্ন দেশৰ পৰা পৰ্যটক সকলে অমৃতসৰ ভ্ৰমণ কৰে। অসমৰ পৰাও অমৃতসৰলৈ পোনপটীয়া ৰে'লৰ ব্যৱস্থা আছে। 'ডিব্ৰুগড়-অমৃতসৰ সাপ্তাহিক এক্সপ্ৰেছ' প্ৰতি মঙলবাৰে ডিব্ৰুগড়ৰ পৰা অমৃতসৰলৈ ৰাওনা হয়।