-->

কেৰেলাৰ কোচিত মেট্ৰ’ ৰে’লসেৱাৰ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ

কেৰেলাৰ কোচিত মেট্ৰ’ ৰে’লসেৱাৰ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ

ভাৰতৰ দাক্ষিণাত্যৰ ৰাজ্য কেৰেলাত কালিৰ পৰা সংযোজিত হ'ল মেট্ৰ' ৰে'লসেৱা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে কালি এই মেট্ৰ' ৰে'লসেৱাৰ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। পালাৰিভট্ৰমৰ পৰা পাথাদিপালামলৈকে চাৰি কিঃমিঃ মেট্ৰ'ৰেলসেৱাটো যাত্ৰা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। তেওঁৰ লগত এই যাত্ৰাত সহযোগী হয় কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন, কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰী ভেংকায়া ননাইডু, ৰাজ্যপাল পি সদাশিৱমকে প্ৰমুখ্য কৰি উচ্চপদস্থ বিষয়সকল। এই মেট্ৰ'সেৱা সোমবাৰৰ পৰা ১৩ কিঃমিঃ দূৰত্বলৈ নিয়মীয়াকৈ চলিব। দেশৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত প্ৰথম বাৰৰ বাবে কোচি মেট্ৰ'ত তৃতীয় লিংগৰ বাবে আসন সংৰক্ষিত হৈ থাকিব। প্ৰধানমন্ত্ৰী মোডীয়ে কোচিত ৰাষ্ট্ৰীয় পঠন দিবসৰো শুভাৰম্ভ কৰে।