-->

জেট এয়াৰৱেজৰ টিকট ৰেহাইৰ ঘোষণা

জেট এয়াৰৱেজৰ টিকট ৰেহাইৰ ঘোষণা

বেচৰকাৰী খণ্ডৰ বিমান সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান জেট এয়াৰৱেজে ইয়াৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় গতিপথৰ বিজনেছ শ্ৰেণীৰ টিকটৰ ভিত্তিত ভাড়া ২০ শতাংশ হ্ৰাস কৰিছে। একেদৰে ইকন'মি শ্ৰেণীৰ টিকটৰ ভাড়াও ৩০ শতাংশ হ্ৰাস কৰিছে। ১১ আগষ্টৰ পৰা ছদিনলৈ এই ৰেহাই ভাড়াত টিকট বিক্ৰী কৰিব প্ৰতিষ্ঠানটোৱে। দেশৰ ৭০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এই ৰেহাই আগবঢ়াইছে জেট এয়াৰৱেজে। এই ৰেহাই প্ৰদানৰ সময়ছোৱাত ক্ৰয় কৰা টিকটেৰ ঘৰুৱা গতিপথত ৫ ছেপ্টেম্বৰৰ পৰা আৰু আন্তঃৰাষ্ট্ৰীয় গতিপথত ১৫ ছেপ্টেম্বৰৰ পৰা যাত্ৰা কৰিব পাৰিব। যাত্ৰীয়ে ৪৪ টা ঘৰুৱা গতিপথত আৰু ২০ টা আন্তঃৰাষ্ট্ৰীয় গতিপথত ৰেহাই ভাড়াত টিকট ক্ৰয়ৰ সুবিধা আগবঢ়াইছে।