-->

৫ ডিচেম্বৰৰ পৰা আন্তৰাষ্ট্ৰীয় ট্যুৰিজিম মাৰ্ট

৫ ডিচেম্বৰৰ পৰা আন্তৰাষ্ট্ৰীয় ট্যুৰিজিম মাৰ্ট

ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰহাৰাৰো প্ৰচাৰৰ লক্ষ্যৰে গুৱাহাটীত তিনিদিনীয়াকৈ অনুষ্ঠিত হব ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় ট্যুৰিজম মাৰ্ট । অহা ৫ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ টাজ ভিভান্টা হোটেলত এই মাৰ্ট অনুষ্ঠিত হব । প্ৰথমবাৰৰ বাবে গুৱাহাটীত আয়োজন কৰা এই আন্তঃৰাষ্ট্ৰীয় ট্যুৰিজম মাৰ্টত ৩০খন দেশৰ ৭৫গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । কালি গুৱাহাটীত এক সংবাদ মেলত এই কথা সদৰী কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই । সংবাদ মেলত তেওঁ জনোৱা মতে কেৱল অসমৰে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ পৰ্যটনৰ বিপণী থাকিব ট্যুৰিজম মাৰ্টত । বিদেশী ৰাষ্ট্ৰৰ উপৰি দেশৰ বিভিন্ন প্ৰান্তৰ ৩৫ গৰাকী প্ৰতিনিধিয়ে মাৰ্টত অংশগ্ৰহণ কৰিব ।