ইণ্ডিগোত ১০০৫ টকাতে বিমান যাত্ৰাৰ সুযোগ

ইণ্ডিগোত ১০০৫ টকাতে বিমান যাত্ৰাৰ সুযোগ

নৱবৰ্ষলৈ লক্ষ্য ৰাখি কেইবাটাও বিমান সেৱা প্ৰদানকাৰী কোম্পানীসমূহে গ্ৰাসকক আকৰ্ষণ বাবে বিভিন্ন ৰেহাই অফাৰ আগবঢ়াইছে । এয়াৰ এছিয়া পাছত এইবাৰ ইণ্ডিগোৱেও দেশৰ ভিতৰৰ আকাশ মাৰ্গত বিশেষ অফাৰ আগবঢ়াইছে । কোম্পানীটোৱে কিছুমান নিৰ্দিষ্ট ৰুটত ১০০৫ টকাত বিমান যাত্ৰা টিকট আগবঢ়াইছে । এয়াৰ এছিয়ায়ো যাত্ৰীসকলৰ বাবে ৰেহাই মূল্যৰ টিকট আগবঢ়াইছে । ইয়াৰ অধীনত দেশৰ আকাশ মাৰ্গত সকলো কৰসহ মাথোঁ ৯৯৯  টকাতে যাত্ৰীসকললৈ টিকট আগবঢ়াইছে এয়াৰ এছিয়াই ।