ইণ্ডিগ’ৰ টিকটত ৰেহাই ঘোষণা

ইণ্ডিগ’ৰ টিকটত ৰেহাই ঘোষণা

দেশৰ বেচৰকাৰী খণ্ডৰ বিমান সেৱা প্রদানকাৰী প্ৰতিষ্ঠান ইণ্ডিগ'ৱে প্ৰাৰম্ভিক ১,১২০ টকা ভাড়াত বিমান যাত্ৰাৰ সুযোগ আগবঢ়াইছে। এই ৰেহাইৰ অধীনত চেন্নাই-বেংগালুৰু গতিপথৰ ভাড়া হ'ব ১,১২০ টকা, জম্মু-শ্ৰীনগৰ গতিপথত ১,১৬৮ টকা, দিল্লী-জয়পুৰ গতিপথত ১,১৭৮ টকা, ইম্ফল-গুৱাহাটী গতিপথত ১,২১২ টকা, ভুৱনেশ্বৰ-কলকাতা গতিপথত ১,২৯৯ টকা আৰু গোৱা-বেংগালুৰু গতিপথৰ ভাড়া হ'ব ১,৩১৬ টকা। উল্লেখ্য যে বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বিকাশ লাভ কৰা ভাৰতৰ বিমান খণ্ডত যোৱা জানুৱাৰী-ছেপ্টেম্বৰত ঘৰুৱা প্ৰতিষ্ঠানসমূহে ৮৪৯.৯৪ লাখ যাত্ৰীক সেৱা আগবঢ়ায়। যোৱা ২০১৬ৰ জানুৱাৰী-ছেপ্টেম্বৰৰ তুলনাত এই সংখ্যা ১৬.৯১ শতাংশ অধিক।