-->

গ্ৰামঞ্চলৰ পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে মুকলি হ’ব গ্ৰাম্য পৰিবহন যোজনা

গ্ৰামঞ্চলৰ পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে মুকলি হ’ব গ্ৰাম্য পৰিবহন যোজনা

ভাৰতবৰ্ষৰ গ্ৰামঞ্চলৰ পৰিবহণ ব্যৱস্থাৰ উন্নতি সাধন কৰিবলৈ চৰকাৰে অতি সোনকালে মুকলি কৰিব এক নতুন আঁচনি। এই আঁচনিৰ অধীনত মহিলাৰ আত্মসহায়ক গোটক বাণিজ্যিক বাহন ক্রয়ৰ ক্ষেত্ৰত সুদবিহীন ঋণ গ্ৰহণৰ সুবিধা আগবঢ়াব। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে এই আচনিক প্ৰধানমন্ত্ৰী গ্ৰাম পৰিবহণ যোজনা নামেৰে নামকৰণ কৰি অহা ১৫ আগষ্ট স্বাধীনতা দিৱসৰ দিনা এই আঁচনিৰ মুকলিৰ পৰিকল্পনা কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰামীণ বিকাশ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে সদৰী কৰা মতে এই আঁচনিয়ে গ্ৰাম্য পৰিবহনত আন এক বিপ্লৱৰ সূচনা কৰিব।