-->

দিল্লী-মুম্বাই আকাশীপথ বিশ্বৰ তৃতীয় ব্যস্ত আকাশীপথ হিচাপে স্বীকৃত

দিল্লী-মুম্বাই আকাশীপথ বিশ্বৰ তৃতীয় ব্যস্ত আকাশীপথ হিচাপে স্বীকৃত

দেশৰ ৰাজনৈতিক ৰাজধানী নতুন দিল্লী আৰু বাণিজ্যিক কেন্দ্ৰ মুম্বাইৰ মাজত দৈনিক ১৩০ খন বিমান চলাচল কৰে। দৈনিক শতাধিক বিমান চলাচল কৰা এই দুয়োখন মহানগৰী সংলগ্ন আকাশীপথ বিশ্বৰ তৃতীয় ব্যস্ত আকাশীপথ ৰূপে বিবেচিত হৈছে। ২০১৭ বৰ্ষত দুয়োখন চহৰৰ মাজত মুঠ ৪৭,৪৬২ বাৰ বিমান চলাচল কৰে। বছৰটোত দক্ষিণ কোৰিয়াৰ ছিউলৰ গিমপো-জেজু বিমান বন্দৰৰ মাজত সৰ্বাধিক ৬৪,৯৯১ বাৰ বিমানৰ চলাচল হয়। আনহাতে মেলব'ৰ্ণ-ছিডনীৰ মাজত চলাচল হয় ৫৪,৫১৯ খন বিমানৰ। ব্ৰিটেইনৰ অ' এ জি এভিয়েছন ৱৰ্ল্ড ৱাইড লিমিটেডে এই তথ্য সদৰী কৰিছে।