কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৰিলে চাবুৱা বায়ুসেনা ঘটি পৰিদৰ্শন

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৰিলে চাবুৱা বায়ুসেনা ঘটি পৰিদৰ্শন

কালি হঠাৎ ডিব্ৰুগড় জিলাৰ চাবুৱা অৱস্থিত বায়ুসেনা বাহিনীৰ ঘটি পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে । হঠাতে হোৱা এই কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে । প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে দেশ খনৰ একেবাৰে পূব প্ৰান্তত থকা যুদ্ধৰ ঘটিত উপস্থিত হৈ আন্তঃ গাথঁনিৰ দিশ পৰ্যালোচনা কৰাৰ উপৰি হঠাৎ যুদ্ধ হলে প্ৰয়োজন সাপেক্ষে বায়ুসেনা কিমান প্ৰস্তুত এই দিশসমূহ পৰ্যবেক্ষণ কৰে । প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে চুখয়-৩০ এম কে আই যুঁজাৰু বিমান, মিছাইল আদি পৰিদৰ্শন কৰে । তদুপৰি প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে বায়ুসেনা বাহিনীৰ বিষয়াসকলৰ সৈতে যুদ্ধৰ বাবে সষ্টম হোৱা, অভিযানৰ বাবে তৎপৰতা হোৱা বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰে ।