-->

উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ মাজতে শীঘ্ৰে বিমানসেৱা

উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ মাজতে শীঘ্ৰে বিমানসেৱা

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলক পৰ্যটন ক্ষেত্ৰৰ অন্যতম আকৰ্ষণীয় স্থান হিচাপে গঢ়ি তুলিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। আছিয়ান ৰাষ্ট্ৰসমূহকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হ্ৰস্ব দূৰত্বত অৱস্থিত বিদেশ ৰাষ্ট্ৰসমূহক আকৰ্ষিত কৰি উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ হাৰ বৰ্তমানৰ ৫.২ শতাংশৰ পৰা দুগুণলৈ বৃদ্ধি কৰাৰ বাবে ইতিমধ্যে 'বিমষ্টেক' আৰু 'আছিয়ান' ৰাষ্ট্ৰসমূহৰ সৈতে সংযুক্ত কৰি বিশেষ পেকেজ প্ৰৱৰ্তনৰ কথা কালি ঘোষণা কৰিছে কেন্দ্ৰীয় পৰ্যটন দপ্তৰৰ সচিব ৰেছমী বাৰ্মাই। গুৱাহাটীত আৰম্ভ হোৱা ষষ্ঠ ইন্টাৰনেচনেল ট্যুৰিজম মাৰ্টত অংশগ্ৰহণ কৰি কালি এক সংবাদমেলত কেন্দ্ৰীয় পৰ্যটন দপ্তৰৰ সচিবগৰাকীয়ে কয় যে সমগ্ৰ দেশতে পৰ্যটন ক্ষেত্ৰখনৰ বিকাশ যোৱা বছৰত ৯.৮ শতাংশ থকাৰ বিপৰীতে চলিত বৰ্ষত এই হাৰ ১৫.৮ শতাংশলৈ বৃদ্ধি পাইছে।