-->

যাত্ৰী সকলৰ বাবে এয়াৰ ইণ্ডিয়াৰ বৰ্ষাকালীন ৰেহাই

যাত্ৰী সকলৰ বাবে এয়াৰ ইণ্ডিয়াৰ বৰ্ষাকালীন ৰেহাই

চৰকাৰী খণ্ডৰ বিমানসেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াই ইয়াৰ গ্ৰাহকসকলৰ বাবে ৭০৬ টকা ভাড়াত বৰ্ষাকালীন ৰেহাইৰ কথা ঘোষণা কৰিছে। এই বৰ্ষাকালীন ৰেহাইৰ অধীনত গ্ৰাহকে ২১ জুনলৈকে টিকট ক্ৰয় কৰিব পাৰিব আৰু এই টিকটেৰে অহা ১ জুলাইৰ পৰা ২০ ছেপ্টেম্বৰৰ ভিতৰত যাত্ৰা কৰিব পাৰিব। উল্লেখযোগ্য যে যাত্ৰীসকলক আকর্ষণৰ উদ্দেশ্যে এয়াৰ ইণ্ডিয়াই ইয়াৰ পূৰ্বে স্পাইছজেট, ইণ্ডিগ', ভিষ্টাৰা আদি বেচৰকাৰী প্ৰতিষ্ঠান সমূহেও ৰেহাই হাৰত বিমান যাত্ৰাৰ সুবিধা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।