আগন্তুক ২০১৯ৰ জানুৱাৰী মাহৰ পৰা এয়াৰ এছিয়াই আৰম্ভ কৰিব আন্তঃৰাষ্ট্ৰীয় সেৱা

আগন্তুক ২০১৯ৰ জানুৱাৰী মাহৰ পৰা এয়াৰ এছিয়াই আৰম্ভ কৰিব আন্তঃৰাষ্ট্ৰীয় সেৱা

ব্যৱসাধ্য ভাড়াত বিমান সেৱা প্রদানকাৰী প্ৰতিষ্ঠান এয়াৰ এছিয়া ইণ্ডিয়াই অহা ২০১৯ৰ জানুৱাৰীৰ পৰা আন্তঃৰাষ্ট্ৰীয় গতিপথত বিমানসেৱা আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। লগতে প্ৰতিষ্ঠানটোৱে দেশৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰত ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্যৰে কেইবাখনো নতুন বিমান সংযোগ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰতিষ্ঠানটোৱে যোৱা সপ্তাহত ইয়াৰ ষষ্ঠদশ সংখ্যক এয়াৰ ক্ৰাফট সংযোগ কৰে। এয়াৰ এছিয়া ইণ্ডিয়াৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্য্যবাহি বিষয়া অমৰ আব্ৰলে এই সন্দৰ্ভত জনায় যে প্ৰতিষ্ঠানটোৱে ইয়াৰ সেৱা আগবঢ়াই থকা মুঠ বিমানৰ সংখ্যা ২০ৰ সীমা অতিক্ৰম কৰাৰ পিচতে  আন্তঃৰাষ্ট্ৰীয় গতিপথত বিমানসেৱা আগবঢ়াব।