-->

ঘৰুৱা বিমান যাত্ৰাত ১,২৯৯ টকাতে যাত্ৰাৰ সুবিধা প্ৰদান এয়াৰ এছিয়াৰ

ঘৰুৱা বিমান যাত্ৰাত ১,২৯৯ টকাতে যাত্ৰাৰ সুবিধা প্ৰদান এয়াৰ এছিয়াৰ

এয়াৰ এছিয়া বিমান প্ৰতিষ্ঠানটোৱে উৎসৱৰ এই সময়ছোৱাত ৰেহাই মূল্যতে ভ্ৰমণৰ সুবিধা আগবঢ়াইছে। বিমান প্ৰতিষ্ঠানটোৱে ঘৰুৱা বিমান যাত্ৰাৰ বাবে টিকটৰ নূন্যতম মূল্য নিৰ্ধাৰণ কৰিছে ১,২৯৯ টকা। আনহাতে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰত টিকটৰ নূন্যতম মূল্য হ'ব ২,৩৯৯ টকা। যাত্রীসকলে এই ৰেহাই মূল্যৰ টিকট ২ অক্টোবৰৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত বুক কৰিব পাৰিব। এই টিকটেৰে তেওঁলোকে চলিত বৰ্ষৰ ২ অক্টোবৰৰ পৰা অহা বছৰৰ ৩১ মাৰ্চলৈকে যাত্ৰা কৰিব পাৰিব। ঘৰুৱা বিমান সেৱাৰ ৰেহাইৰ সুবিধা আগবঢ়োৱা স্থানসমূহ হৈছে- কোৱালালামপুৰ, বেংকক, ক্ৰাবি, ফুকেট, মেলব'ৰ্ণ, ছিডনী, ছিংগাপুৰ, অ'কলেণ্ড ইত্যাদি।