-->

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ: বৈষ্ণোদেৱী যাত্ৰালৈ দৈনিক ৫০ হেজাৰ তীৰ্থযাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ: বৈষ্ণোদেৱী যাত্ৰালৈ দৈনিক ৫০ হেজাৰ তীৰ্থযাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব

এতিয়াৰে পৰা দৈনিক ৫০ হেজাৰ তীৰ্থযাত্ৰীক জম্মুৰ বৈষ্ণোদেৱী মন্দিৰলৈ যাবলৈ অনুমতি দিয়া হ'ব। যিকোনোধৰণৰ অবাঞ্চিত ঘটনা ৰোধ কৰাৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এই নিৰ্দেশনা জাৰি কৰিছে। ন্যায়াধিকৰণে ইয়াৰ লগতে ২৪ নৱেম্বৰত তীৰ্থক্ষেত্ৰখনলৈ কেৱল পথচাৰী আৰু বেটেৰীচালিত বাহন চলাব পৰা এটা নতুন পথো মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰিছে। এই পথটোত ঘোঁৰা বা খচ্ছৰেৰে কোনো ভক্তক বৈষ্ণোদেৱীলৈ যোৱাৰ অনুমতি দিয়া নহ'ব। সেউজ ন্যায়াধিকৰণে ইয়াৰ লগতে পুৰণা পথবোৰৰ পৰাও ঘোঁৰা আৰু খচ্ছৰ পৰ্যায়ক্ৰমে আঁতৰ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। এন জি টিয়ে বৈষ্ণোদেৱীলৈ যোৱা পথ আৰু কাটৰা বাছ আস্থান লেতেৰা কৰোঁতাক ২০০০ টকাকৈ জৰিমনা বিহিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে।