বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ পি চি ‘লিভা কিউ’ মুকলি

বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ পি চি ‘লিভা কিউ’ মুকলি

টাইৱানৰ বৈদ্যুতিক সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠান এলিট গ্ৰুপ কম্পিউটাৰ ছিষ্টেমছে মঙলাবাৰে মুকলি কৰিলে বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ পি চি 'লিভা কিউ'। ভাৰতত এই ক্ষুদ্ৰ পি চিটোৰ মূল্য হ'ব ১৫,৫০০ টকা। পকেট আকাৰৰ এই পি চিটোত সংযুক্ত আছে শেহতীয়া ইণ্টেল এপল', লেক এছ অ' চি প্ৰচেছৰ, ৪ জি বি ৰেম, ৩২ জি বি ই এম এম চি মেমৰী, এইচ ডি এম আই ২.০, উইণ্ডোছ ১০ অপাৰেটিং ছিষ্টেম ইত্যাদি বৈশিষ্ট্য। এই ক্ষুদ্ৰ পি চিটো প্ৰতিষ্ঠানটোৰ স্বীকৃতিপ্ৰাপ্ত বিপনীৰ লগতে আন ই-কমাৰ্চ ৱেবচাইটতো উপলদ্ধ হ'ব।