-->

ছ’নীৰ চাউণ্ডবাৰ এইচ টি চিটি ২৯০ মুকলি

ছ’নীৰ চাউণ্ডবাৰ এইচ টি চিটি ২৯০ মুকলি

ছ'নী ইণ্ডিয়াই সোমবাৰে মুকলি কৰে এইচ টি চিটি ২৯০ শীৰ্ষক এক নতুন ছাউণ্ডবাৰ, যাক ঘৰত যিকোনো অডিঅ' শুনিবৰ বাবে সুন্দৰভাৱে ব্যৱহাৰ কৰিব পৰা যাব। লিভিং ৰুমৰ ধাৰণাৰে খাপ খাব পৰাকৈ সুন্দৰভাৱে সজাই তোলা এই ছাউণ্ডছেটটোৰ পাতল আউটলুকটোৱে লিভিং ৰুমৰ ঠাই বেছিকৈ সামৰি নলয় যাৰ বাবে ঠাইক লৈ কোনো সমস্যাৰ সৃষ্টি নোহোৱাৰ সমান্তৰালকৈ স্বাভাৱিক তথা উন্নত মানৰ ছাউণ্ড গ্ৰাহকে লাভ কৰিব। আনহাতে, গীত শুনাৰ সময়ত ৱায়াৰলেছ স্পীকাৰ হিচাপেও ইয়াক ব্যৱহাৰ কৰিব পাৰি। অত্যন্ত ষ্টাইলিছ হোৱাৰ উপৰি বাহ্যিকভাৱে অতি কম পৰিসৰতে স্থাপন কৰিব পৰা সুবিধা থকা এই কোম্পেক্ট ছাউণ্ডবাৰটোৱে সমগ্ৰ কোঠাটোক ইয়াৰ ৩০০ ৱাট মুঠ আউটপুট পাৱাৰেৰে আৱৰি ৰাখিব পাৰে।