এমাহতে অভিলেখসংখ্যক ১০ লক্ষাধিক ৰেডমি ৫ এ বিক্ৰী

এমাহতে অভিলেখসংখ্যক ১০ লক্ষাধিক ৰেডমি ৫ এ বিক্ৰী

ভাৰতৰ স্মাৰ্টফোনৰ বজাৰত আধিপত্য বিস্তাৰ কৰি থকা ছাঅ'মিয়ে যোৱা ডিচেম্বৰত ১০ লাখতকৈও অধিক ৫ এ স্মাৰ্টফোন বিক্ৰী কৰিবলৈ সক্ষম হৈছে। টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে ছাঅ'মিৰ ভাৰতীয় শাখাৰ মুৰব্বী মুনু কুমাৰ জৈনে। নৱেম্বৰত মুকলি কৰা এই স্মাৰ্টফোনটোৰ যোৱা ৭ ডিচেম্বৰত মি ডট কম আৰু ফ্লিপকাৰ্টযোগে প্ৰথমবাৰলৈ বিক্রীৰ ব্যৱস্থা কৰা হৈছিল। 'দেশ কা স্মাৰ্টফোন' হিচাপে মুকলি কৰা এই ছাঅ'মি ৰেডমি ৫ এ স্মাৰ্টফোনটো এবাৰ চার্জ দিলে ইয়াৰ বেটেৰি ৮ দিনলৈ সক্ৰিয় হৈ থাকিব বুলি দাবী কৰিছিল ছাঅ'মিয়ে।