-->

‘অৰ্গেনিক মাজুলী’য়ে আনিছে আশাৰ ৰেঙনি

‘অৰ্গেনিক মাজুলী’য়ে আনিছে আশাৰ ৰেঙনি

ৰাজ্যৰ অৰ্থনীতি ভাৰাক্ৰান্ত কৰা ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা সমাধানত যে কৃষিকৰ্মই প্ৰভূত বৰঙণি যোগাব পাৰে, তাৰ বাস্তৱ নিৰ্দেশন দাঙি ধৰিছে এজন অসমীয়াই । অকল নিদৰ্শনেই নহয়, নিজস্ব কৰ্ম-চিন্তাৰে এতিয়া এইজন ব্যক্তি অসমীয়া যুৱক-যুৱতীসকলৰ বাবে আদৰ্শ হৈ পৰিছে । বিশ্ব বেংকৰ দৰে সংস্থা লাখটকীয়া চাকৰি এৰি অসমক কৃষিৰ জৰয়তে অৰ্থনৈতিকভাৱে সবল কৰিবলৈ তেওঁ উঠিপৰি লাগিছে । নাম তেওঁৰ মানস চলিহা । বহুজনৰ বাবে এয়া অপৰিচিত নাম হলেও অসমৰ যুৱ শক্তিক কৃষি খণ্ডক কৰ্মসংস্থাপন দিবলৈ বহুলাংশে সক্ষম হোৱা মানস চলিহা এতিয়া বহু কৃষকৰ বাবে আশাৰ ৰেঙনি ।