-->

প্ৰধান মন্ত্ৰীয়ে মুকলি কৰি নিজৰ নামত গৱেষণা পথাৰ

প্ৰধান মন্ত্ৰীয়ে মুকলি কৰি নিজৰ নামত গৱেষণা পথাৰ

'শ্ৰীনাৰেন্দ্ৰ মোডী ৰেছিলিয়েন্ট ৰাইচ ফিল্ড লেব'ৰেটৰী' নামৰ এখন ধাননি গৱেষণা পথাৰ যোৱা কালি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেনিলাত মুকলি কৰে । আছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ যোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ নামেৰে ফিলিপাইনছৰ লছ বেনোছত থকা আন্তঃ ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানত এই গৱেষণা পথাৰ মুকলি কৰে । এই উপলক্ষে নৰেন্দ্ৰ মোডীয়ে বেলছা লৈ পথাৰৰ কিছু মাটিও খান্দে । পানীত বুৰ গলেও জীয়াই থাকিব পৰা ধানৰ পৰীক্ষা কৰা হব এই পথাৰ খনত । প্ৰধান মন্ত্ৰীয়ে পথাৰ খন উদ্বোধন কৰি প্ৰতিষ্ঠানটোৰ জিন বেংকলৈ দুবিধ ভাৰতীয় প্ৰজাতিৰ ধান উপহাৰ স্বৰূপে আগবঢ়াই ।