-->

ম’বাইলৰ তথ্য সুৰক্ষা প্ৰসংগ: ১২ ছেপ্টেম্বৰলৈ বৃদ্ধি সবিশেষ দাখিলৰ সময়সীমা

ম’বাইলৰ তথ্য সুৰক্ষা প্ৰসংগ: ১২ ছেপ্টেম্বৰলৈ বৃদ্ধি সবিশেষ দাখিলৰ সময়সীমা

ম'বাইল নিৰ্মাতা প্ৰতিষ্ঠানৰ তথ্য-পাতি সুৰক্ষাৰ সবিশেষ চৰকাৰক জমা দিয়াৰ সময়সীমা অহা বৃহস্পতিবাৰলৈ অৰ্থাৎ এসপ্তাহলৈ বৃদ্ধি কৰিছে ইলেক্ট্র'নিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে। এই সন্দৰ্ভত উক্ত মন্ত্ৰালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি পূৰ্বৰ নিৰ্ধাৰিত ২৮ আগষ্টৰ সময়সীমাৰ ভিতৰত ১২ টা ম'বাইল নিৰ্মাতা প্ৰতিষ্ঠানে চৰকাৰৰ প্ৰতি সঁহাৰি জনাই তথ্য-পাতি সুৰক্ষা সন্দৰ্ভত সবিশেষ দাখিল কৰে আৰু ইয়াৰ বিপৰীতে কিছুসংখ্যক প্ৰতিষ্ঠানে এনে তথ্য-পাতি দাখিলৰ বাবে অতিৰিক্ত সময়ৰ আহ্বান জনায়। উল্লেখ্য যে যোৱা আগষ্টৰ মাজভাগত ইলেক্ট্র'নিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ৩০ টা প্ৰতিষ্ঠানক প্ৰতিটো ডিভাইচৰ সুৰক্ষাৰ সবিশেষ দাখিলৰ নিৰ্দেশ দিছিল। ম'বাইল ফোনত থকা ব্যক্তিগত তথ্য-পাতি ফাদিল হোৱাক লৈ এই নিৰ্দেশনা জাৰি কৰিছিল উক্ত মন্ত্ৰালয়ে। এই নিৰ্দেশনা অনুসৰিয়েই এপল, ছেমছাং, জিঅ'নি আৰু এইচ এম ডিকে ধৰি ১২ টা প্ৰতিষ্ঠানে এনে তথ্য-পাতি সুৰক্ষাৰ সবিশেষ দাখিল কৰিছে আৰু বাকীসংখ্যকৰ বাবে দাখিলৰ সময়সীমা অহা ১২ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে ইলেক্ট্র'নিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে।