-->

ফেচবুকৰদ্বাৰা হোৱা ‘বিভাজন’ৰ বাবে ক্ষমা খুজিলে মাৰ্ক জুকাৰবাৰ্গে

ফেচবুকৰদ্বাৰা হোৱা ‘বিভাজন’ৰ বাবে ক্ষমা খুজিলে মাৰ্ক জুকাৰবাৰ্গে

ফেচবুকৰদ্বাৰা মানুহ একত্ৰিত হোৱাৰ বিপৰীতে বিভাজিত হোৱা বাবে ক্ষমা প্ৰাৰ্থনা জনাইছে ইয়াৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে। ইহুদী ধৰ্মীয় উৎসৱ য়ম কিপ্পুৰৰ সামৰণিত এটা প'ষ্টযোগে জুকাৰবাৰ্গে কয় যে তেওঁৰ সৃষ্টি একতাৰ পৰিৱৰ্তে বিভাজনত ব্যৱহাৰ হোৱা বাবে তেওঁ ক্ষমা খুজিছে আৰু ইয়াক ভাল কৰিবলৈ তেওঁ কাম কৰি যাব। উল্লেখ্য যে ২০১৬ চনৰ মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰুছিয়াই ফেচবুকযোগে বিভিন্ন বিজ্ঞাপন প্ৰচাৰ কৰি প্ৰভাৱ পেলোৱাৰ অভিযোগ উঠাৰ পিচতে তেওঁ এইদৰে ক্ষমা প্ৰাৰ্থনা জনোৱা বুলি ধাৰণা কৰা হৈছে। ৩০০০ বিজ্ঞাপন আৰু ৪৭০ টা একাউণ্টেৰে ৰুছিয়াই এইদৰে মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰভাৱ বিস্তাৰৰ বাবে প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে।