-->

ইনফ’ছিছৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া

ইনফ’ছিছৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া

১৮ আগষ্টত বিশাল চিক্কৰ বিদায়ৰ পাছত নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে সলিল সতীশ পাৰেখৰ নাম ঘোষণা কৰিলে ইনফ'ছিছে । অহা ২ জানুৱাৰীৰ পৰা ৫ বছৰৰ বাবে এই দায়িত্বভাৰ লব তেওঁ । অন্তৰৱৰ্তী মুখ্য কাৰ্যবাহী বিষয়া ইউ বি প্ৰবীণ ৰাৱে কাম কৰিব ছিফ অপাৰেটিং অফিচাৰ তথা পৰিচালনা সমিতিৰ সদস্য হিচাপে । শনিবাৰে এক বিবৃতিযোগে ইনফ'ছিছৰ অকাৰ্যবাহী অধ্যক্ষ নন্দন নিলেকানিয়ে প্ৰকাশ কৰিছে যে বৰ্তমান তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ যি পৰিৱৰ্তন আহিছে , এনে সময়ত কোম্পানীটোক আগবঢ়াই নিয়াৰ বাবে পাৰেখেই যোগ্য ।