-->

কাইলৈ মুকলি হ’ব ছেমছাং গেলেক্সী নোট-৮

কাইলৈ মুকলি হ’ব ছেমছাং গেলেক্সী নোট-৮

অহা ১২ ছেপ্টেম্বৰ অৰ্থাৎ কাইলৈ মুকলি হ'বলগীয়া ছেমছাং গেলেক্সী নোট-৮ ডিভাইচটো ক্ৰয় কৰিবৰ বাবে ভাৰতত ২.৫ লাখ লোকে নাম পঞ্জীয়ন কৰিছে। যোৱা সপ্তাহত পঞ্জীয়ন আৰম্ভ হোৱাৰ প্ৰথম দিনাই অনলাইন প্ৰতিষ্ঠান এমাজনত ১.৫ লাখ লোক পঞ্জীয়নভুক্ত হয়। ইয়াৰে ৭২ হেজাৰ লোকে এই ডিভাইছটো ক্ৰয়ৰ বাবে অগ্রিম বুকিং কৰে। এমাজনৰ সমান্তৰালভাৱে ছেমছাং ইণ্ডিয়া ৱেবছাইটতো ১ লাখ লোক পঞ্জীয়নভুক্ত হৈছে। বহু প্ৰত্যাশিত এই ছেমছাং গেলেক্সী নোট-৮ ত সংযুক্ত আছে- ৬.৩ ইঞ্চিৰ স্ক্ৰীন, ৬৪ বিট এগজিন'ছ ৮৮৯৫ অক্টা-ক'ৰ প্ৰচেছৰ, ৬ জি বি ৰেম, ৬৪ জি বি আভ্যন্তৰীণ মেম'ৰি, ৮ মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা, এছ পেন ষ্টাইলাছ ইত্যাদি বৈশিষ্ট্য।