-->

ক্ৰিপ্ট’কাৰেন্সিৰ বিজ্ঞাপন নিষিদ্ধ কৰিলে ফে’চবুকে

ক্ৰিপ্ট’কাৰেন্সিৰ বিজ্ঞাপন নিষিদ্ধ কৰিলে ফে’চবুকে

ফে'চবুকত সকলো ধৰণৰ ক্ৰিপ্ট'কাৰেন্সি (ডিজিটেল মুদ্ৰা)ৰ বিজ্ঞাপন নিষিদ্ধ কৰাৰ কথা প্ৰকাশ কৰিছে ফে'চবুক কতৃপক্ষই। মূলতঃ জালিয়াতি আৰু চাইবাৰ অপৰাধ ৰোধ কৰাৰ স্বাৰ্থতে ফে'চবুকে এনে পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে শেহতীয়াকৈ বিটকইনৰ দৰে ক্ৰিপ্ট'কাৰেন্সিয়ে সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰিছিল। এনেধৰণৰ ক্ৰিপ্ট'কাৰেন্সিৰ মাধ্যমতে বিশ্বৰ বিভিন্ন প্ৰান্তত চাইবাৰ অপৰাধ সংঘটিত কৰাৰ তথ্য পোহৰলৈ অহাৰ পিচতেই ফে'চবুক কতৃপক্ষই এনে মুদ্ৰাৰ বিজ্ঞাপন নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।