-->

কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ: সুৰক্ষিত যোগাযোগৰ উদ্দেশ্যেৰে ৮০ বিষয়ালৈ গুগলৰ পিক্সেল স্মাৰ্টফোন

কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ: সুৰক্ষিত যোগাযোগৰ উদ্দেশ্যেৰে ৮০ বিষয়ালৈ গুগলৰ পিক্সেল স্মাৰ্টফোন

সুৰক্ষিত যোগাযোগৰ উদ্দেশ্যে প্ৰায় ৮০ গৰাকী চৰকাৰী বিষয়াক পৰীক্ষামূলকভাৱে গুগলৰ পিক্সেল স্মাৰ্টফোন আৰু জিঅ' ছিম আগবঢ়োৱা হৈছে। তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰামতে এইসকল বিষয়াৰ বাৰ্তালাপ যাতে গোপনীয় হৈ থাকে সেই উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিষয়াসকলক নিৰ্বাচন কৰাৰ বাবে গৃহ মন্ত্ৰালয়ে প্ৰথম পৰ্যায়ত ১০০ গৰাকী বিষয়াৰ এখন তালিকা প্ৰস্তুত কৰিছিল। ইয়াৰে প্ৰথম পৰ্যায়ত ৮০ গৰাকী বিষয়াক পিক্সেল স্মাৰ্টফোন আগবঢ়োৱা হৈছে আৰু বাকী ২০ গৰাকীক পৰৱৰ্তী পৰ্যায়ত আগবঢ়োৱা হ'ব। পৰৱৰ্তী পৰ্যায়ত এই সম্পৰীক্ষা সফল বিবেচিত হ'লে চৰকাৰে আৰু বিভিন্ন ক্ষেত্ৰত গোপনীয়তা ৰক্ষাৰ উদ্দেশ্যেৰে এনে পদক্ষেপ গ্ৰহণ কৰিব পাৰে বুলি সূত্ৰটোৱে ইংগিত প্ৰদান কৰিছে।